The House of 1000 Mirrors

আজি কলজেলৈ অহা প্ৰায় ১ মাহ মানেই হল ,মই এই পাঁচ -পাঁচ মধু, বহুত খাইছিলো ,কলেজ খনৰ ওচৰত থকা দলং খনত বহি আড্ডা দিয়া এইবোৰ মোৰ জীৱনৰ এক অংগ হৈ পৰিল ,এদিন পলিটিকেল ৰ ক্লাছ কৰি থাকোতে ,,,
"নান্দিতা stand up"
বুলি চাৰে খঙে কওঁতে থত মত খাই মই কাক নো উঠালে বুলি পাছফালে বেঞ্চত চাওঁতে মোৰ চকু থৰ লাগিছিল ,ইমান ধুনীয়া তাই ,তাই বৰষুণত তিতি আহিছিল ,গতিকে তাই তাইৰ ভাগৰ চুৰ্ণী টিত লাগি থকা পানী খিনি চেপি চেপি উলিয়াই আছিল ,আৰু কথাও পাতি আছিল ,
মই যেন এসময়ৰ বাবে থমকি ৰৈ গলো ,ইমান ধুনীয়া ছোৱালী মই আজিলৈকে দেখা নাই ,ও মা পগলা হৈ যাম মই ,
যদিও চাৰে তাইক গালি নকৰিলে তাইৰ ভয় ভয় লগা লগা মুখ খন চাবলগীয়া আছিল
মই তাইৰ লগত কথা পাতিম বুলি থিৰাং কৰিলোঁ ,যিহেতু মোৰ ৰোল নং ৩ আছিল ,অলপ মান দম এটা আৰু 😂😂 পাতিম মানে পতিমেই
ক্লাছ শেষ হোৱাৰ পাছত
তাইৰ পাছে পাছে গলো ,তাই girls common room t সোমোৱা দেখি মই ঘূৰি থমকি ৰৈ দিলোঁ ,
আৰু তাইৰ ওলাই অহালৈ অপেক্ষা কৰিলোঁ ,কিছু সময়ৰ পাছত তাই ওলাই আহিল ,মইও অলপ মিহিকৈ
Hlw,my self palash , বুলি মই তাইক মাত লগালোঁ
Oh hi ,মই নন্দিতা (সঠিক নাম দিয়া নাই ) বুলি তাই মুলৈ ঘূৰি চালে
মই ভাল নে তোমাৰ বুলি শুধা লগে লগে ক্লাছৰ বেল পৰিল ,আৰু তাইও লগৰ কেইজনি লগত দৌৰ মাৰিলে ক্লাছ বুলি , ,মইও ক্লাছ লৈ বাট ললো যদিও তাইৰ ফালে নুচুৱাকৈ থাকিব নোৱাৰিলোঁ ,এইয়া hs first year কথা
চাৰে এফালৰ পৰা পহুৱাই গৈছে ,আৰু মোৰ ইফালে দি ওলাই গৈছে ,মই ইতিমধ্যে সপোন দেখিব আৰম্ভ কৰিছিলোঁ ,এনেকুৱা হব ,এনেকে লগ কৰিম ,কি কব ,আপুনি বিশ্বাস নকৰে 😀 মই কিন্তু এইয়া ভাল পোৱা নে attraction ধৰিব পৰা নাছিলোঁ ,আৰু ১০ মিনিটত ভাল পোৱা মোৰ হে হৈছিল চাগে ,নে আপোনালোকৰ ও হয় ?
তাইৰ সেই দীঘলীয়া straight কৰা চুলি খিনি ,তাইৰ ৰঙা গাল দুখনি ,তাইৰ সেই চকুজুৰি কিবা যেন মই মন্ত্ৰ মুগ্ধ হৈ গৈছিলো ,মই ইতিমধ্যে মোৰ জীৱনৰ সকলো সমস্যা বোৰ পাহৰি গৈছিলো ,আৰু সেইয়াই মোৰ জীৱনৰ ডাঙৰ ভুল আছিল , ইতিমধে বিগত খণ্ডত আপোনালোকে মোৰ সকলো কথা পঢ়িছে,আৰু গম পাইছে নিশ্চয় ,যদিও মই তাইক দেখাৰ পাছত সকলো খিনি পাহৰি গৈছিলো ,মই সুখী হব শিকিলোঁ ,,,
তেনেদৰেই দিন অতিবাহিত হল , লগৰ টোক কলো , নন্দিতা বহুত ধুনীয়া না,, ভাল লাগে মোক ,তাই মোক like কৰে নেকি বুলি তাক কলো , আমি লৰাবোৰ অলপ বেছিকৈ ভাবো 😁 ,,তাইৰ লগত সেই যি প্ৰথম চিনাকি হোৱা মোৰ নাম পলাশ বুলি তাতে মই ইমান বোৰ ভাবিলো ,,
মোৰ লগ ৰ টোৱে কলে পাগলা নেকি তাই টোক ভাল পাব ,thopda চাইছা নিজৰ ,ইফালে টানিলে ইফালে নুজুৰে ,মোৰ বহুত খং উঠিল ,আৰু মই উঠি গুচি আহিলো , সি পাছ ফালে দি মাত লগাই আছিল ,পলাশ কি হল বে তোৰ, সঁচা টো কৈছোঁ ,বুলি কৈছিল ,যদিও মই তাৰ একো কথা নুশুনা কে গুচি আহিলো ,বৰ দুখ লাগিছিল সেই সময়ত একমাত্ৰ লগৰ টোৱে তেনেকৈ কোৱা বাবে ,ভালদৰে কব পাৰে ন ? তেনেকৈ কেলে কব লাগে ,
যদিও তাৰ কথাটো অলপ বিশ্বাস হৈছিল ,যেতিয়া মই নিজকে আইনা ত চাইছিলো ,ইমান কোলা মই একেবাৰে কট কটিয়া বুলি কব পৰা যায় ,সময় ঠিক সন্ধিয়া ৭ বাজিছে ,
নহব আৰু ,,,আজি কিতা ব নাচাও ,
চাইকেল খন বাহিৰলৈ উলিয়ালো ,আৰু মা r পৰা টকা ৫০ টা লৈ বিষ্ণুপুৰ দাতিৰ কাষত থকা দুকানলৈ যাত্ৰা কৰিলোঁ ,face wash eta আৰু fair handsome এটা লবই লাগিব ,মইও ধুনীয়া হৈ দেখুৱা ম ,মই fair handsome কিনিছিলো যিহেতু তাত লিখা আছিল ৭ দিনৰ ভিতৰত পুৰা বগা হৈ যাব ,এতিয়া এটা ভয় লাগিছিল ,মুখ খন কেৱল বগা হলেটো নহব ,হাত খনটো ব্ৰহ্ম কোলা ,মই বুদ্ধি পাঙিলো ,যে face wash e মুখো ধুম আৰু হাতো ধুম ,তেতিয়া বিন্দাছ আৰু 😍
মই ঘৰ পোৱা লগে লগে গা ধোৱা ঘৰলৈ গলো ,আপুনি ভবা নিচিনা পকাৰ গা ধুওৱা ঘৰ নহয় ,দুটা মান শিল ,এটা কাঠৰ বাকলি আৰু তামোলৰ ধকোৱা দি বেৰি লোৱা সৰু কোঠা হে যত
Aassman upar
Or
Me niche
মই কব বিচাৰিছোঁ যে গা ধুই থাকোঁতে তৰা গিনিব পাৰিব উপৰত একো নাছিল ,😀 মই এবাৰ মুখ ধুই আহিয়েই আইনা খন চালোঁ ,ৱাহ বগা হৈছোঁ দেখোন ,কিবা যেন ভাল লাগিল ,কিন্তু হেইয়া মোৰ মূৰ্ষামি আছিল তৰ্ছৰ লাইট টো বগা আছিল গতিকে লাইটৰ বাবে বগা দেখা পোৱা গৈছিল ,
মই বাৰে বাৰে আইনা খনলৈ চাই কথা পতিছি লো ,
নন্দিতা শুনা না I love you
মই ইমানেই মূৰ্খ আছিলোঁ মই নন্দিতাৰ acting নিজেই কৰি নিজকে কৈছিলো ,I love you too পলাশ
মইও তোমাক ভাল পাওঁ পলাশ
মই বৰ সুখী অনুভৱ কৰি ছিলো ,মই মানুহটো বেয়া দিশলৈ গতি কৰিছিলোঁ , কিতাকেইখন যেনেদৰে বেগত থাকে তেনেকৈ পৰি থাকিল ,এনেদৰেই সময় বোৰ কল্পনা তে শেষ হৈ যাব ধৰিলে ,
কিতাকেইখন লুটিয়াই নাচা লেও মই প্ৰত্যেক দিনা কলেজ যাব ধৰিলো
যিহেতু নন্দিতা কলেজলৈ আহে ,
তাই চাইকেল খন যিটো জেগাত থয় মইও তাতে থলো আজি ,যোৱা সময়ত অলপ কথা পাতিম বুলি
কলেজৰ বেল পৰিল ,মই দৌৰি দৌৰি আহিলো চাইকেল ষ্টেণ্ডৰ ওচৰলৈ ,কিন্তু বৰষূণ দিব ধৰাৰ বাবে কথা পতা নহল ,মোৰ মনটো বেয়া লাগিল ,কি বে এনেকৈ কেনেকৈ হব ,মই তাইক কব লাগিব ভাল পাও বুলি , নহবা বেলেগে propose কৰি দিব আৰু তাই yes di দিব ,
নাই নাই নন্দিতা তেনেকুৱা নহয় দেই বুলি নিজকে কৈ সান্তনা দিলোঁ ,আৰু গুচি আহিলো ,ঘৰত আহি দেখো ,ঘৰত কিবা হৈছে ,
মায়ে কান্দি আছে ,,মই চাইকেল খন থৈ কি হল বুলি সোধোতে কলে পংকজ ৰ (মোৰ নিজৰ ভাইটি) accident এটা হল ,মই ভয় খালো ,আৰু ভিতৰলৈ দৌৰি গলো ,,তাৰ মুখত চিলনি পৰিছে ,৭ টা মান , কৰবাত গছত উঠিছিল ,সৰি পৰিল ,
মই কি কও কি নকওঁ বুলি ভাবি পংকজ ক দুটা মান গালি দি মা ওচৰত আহি বহিলো , মায়ে কিবা কিবি কৈ আছিল ,শান্তি নাই মোৰ তহঁতৰ পৰা ,কিবা এটা টো ভাল কৰি দে ,ইমান টকা পইছাৰ ধাৰৰ বোজা আছে ( **** মান আছিল) ..এটকা উপাৰ্জন নাই ,তাতে পংকজ ৰ ,বুলি মায়ে হুক হুকাই কান্দি উঠিল , মোৰো চকু পানী ওলাল যদিও মই ভিতৰলৈ উঠি গলো,
তেনেদৰেই সময় বোৰ যাব ধৰিলে ,মই মানুহ টো ইমান খিনি হোৱা পাছতো নন্দিতাৰ কথা ভাবিব ধৰিলো ,
কিন্তু সময় বোৰ বৰ সোনকালে গতি কৰিছিল ,ঘৰৰ সমস্যা আৰু বাহি গৈছিল ,মানুহবোৰে গালি দিব ধৰিছিল , মষ্টৰ বাবু কি হল কি কৰিলে আপুনি বুলি ( এইখিনি কথা মই উল্লেখ কৰিব নিবিচাৰোঁ )
মই লাজ অনুভৱ কৰিছিলোঁ ,মোৰ কাপোৰ নাছিল ,মোক আমাৰ খুৰীয়ে লৈ দিছিল তেওঁ মোৰ মাৰ সমান কল্পনা খুৰি ,তেওঁ দুপইছা দিছিল মোক ,তেনেদৰেই কৈ থাকোঁতে নন্দিতাক মোৰ ভাল পোৱাৰ কথা কোৱা নহল যদিও তাইৰ প্ৰতি থকা ভাল পোৱা আজিলৈকে মোৰ লগত থাকিল ,
কিছু দিনৰ পাছত গম পালো ,তাইৰ বাবে কলেজত মাৰ পিত হৈছে দুটা লৰাৰ মাজত ,
মই ভয় খাই গলো মই কিবা কোৱা হলে মইও মাৰ খালো হয় বুলি ,যদিও তাইক সদাই চাইছিলো ,তাইক সহায় কৰিছি লো ,কিন্তু কষ্ট অনুভৱ কৰিছিলোঁ বহুত
তেনেদৰেই আমাৰ HS FIRST YEAR পৰীক্ষা দিলোঁ আৰু কিছুদিনৰ পাছত ফলাফল আহিল আৰু মই দৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল ,আৰ্টছ ত পঢ়ি মেট্ৰিক ত প্ৰথম বিভাগত উততীৰ্ণ হৈ এতিয়া দৃতীয় বিভাগত পাচ কৰা টো কম লাজ ৰ কথা নহয় ,মই লাজ পা ই চিলো ,নিজকে গালি দিছিলোঁ ,কি হৈ গল মোৰ লগত , কিয় এনেকুৱা হল ,মোৰ ঘৰৰ সমস্যা বোৰ আৰু বাহি যাব ধৰিলে ,মোৰ result r কথা গম পাই মায়ে কন্দিছিল বহুত ,,,,মই উত্তৰ দিব পৰা নাছিলোঁ মাৰ আগত ,,,কিয় এনেকুৱা হল
,কিন্তু মই জানিছি লো ,সেই "প্ৰেম নামৰ অনুভূতি" টো আছিল ইয়াৰ আচল উত্তৰ টো ,
মই মা দেউতাক প্ৰতিশ্ৰুতি দিছিলোঁ ,কৈছিলো যে ,HS first year mark sheet proyjuon নাই ২nd year tu ভালকৈ পঢ়িম ,ভাল হব তেওঁলোকে বিশ্বাস কৰিব টান পাইছিল যদিও মায়ে বিশ্বাস কৰিছিল
আৰু মই আকৌ নতুন জীৱন এটা আৰম্ভ কৰিছিলোঁ যত কোনো ছোৱালী নাছিল ,
আগলৈ অহা খণ্ডত ,,,,,,,
(অনুগ্ৰহ কৰি FEEDBACK SHARE কৰিব কমেন্ত BOXT )
পলাশ উপাধ্যায়
গুৱাহাটী অসম
Comments
Post a Comment