The House of 1000 Mirrors

Image
Long ago in a small, faraway village, there was a place known as the House of 1000 Mirrors. A small, happy little dog learned of this place and decided to visit. When he arrived, he hounced happily up the stairs to the doorway of the house. He looked through the doorway with his ears lifted high and his tail wagging as fast as it could. To his great surprise, he found himself staring at 1000 other happy little dogs with their tails wagging just as fast as his. He smiled a great smile, and was answered with 1000 great smiles just as warm and firendly. As he left the House, he thought to himself, "This is a wonderful place. I will come back and visit it often. In this same village, another little dog, who was not quite as happy as the first one, decided to visit the house. He slowly climbed the stairs and hung his head low as he looked into the door. When he saw the 1000 unfriendly looking dogs staring back at him, he growled at them and was horrified to see 1000 little dogs growli...

খণ্ড_৪ কেৱল অপেক্ষা মাথোঁ অপেক্ষা

 অপেক্ষা মাথোঁ অপেক্ষা 

ৰাতিপুৱা উঠি গৰুহাল লৈ পথাৰলৈ গলো,এডৰা মান হাল বোৱা পাছত মায়ে চাহ অলপ আৰু চামৰে ভাত (ভজা ভাত) লৈ আহিল ,মইও বৰ তৃপ্তি ক খালো ,আলু আৰু খৰিকা আৰু কেঁচা তেল অলপ দি পিটিকা বনালে খুব ভাল লাগে ও ,বুলি মাক কলো 

মায়ে কলে এইবাৰ বাঁহ গাজ অলপ কাটি আনিব লাগিব ,খাবলৈ ভালো হয় ,,মইও হব বুলি কৈ হাল বাব ধৰিলো ,


কিছু হালবোৱা পাছত গৰু  এৰাল দি ওচৰৰ নলা খনতে গা টো তিয়াই ঘৰলৈ আহিলো ,

আৰু ভাত গিটা খাই কলেজলৈ উলালো ,

কলেজলৈ গই থাকোঁতে গম পালোঁ মেট্ৰিক ত প্ৰথম বিভাগ পোৱা লৰা ছোৱালী বোৰক অহা ৬ তাৰিখে laptop বিতৰণ কৰা হব ,বৰ সুখ অনুভৱ কৰিছিলোঁ ,আৰু কিছু দিনৰ পাছত laptop লৈ আহি চিলোঁ ,

এনেদৰে সময় গৈছিল যদিও মই নন্দিতাক পাহৰি ব পৰা নাছিলোঁ ,মই মনত এটা জেদ ভাৱ এটা আনি লৈছিলোঁ যে ,মই ভালদৰে পাছ কৰিম আৰু তাইক প্ৰপছ দিম ,তেতিয়া তাই না বুলিও কব নোৱাৰিব ,ঠিক তেনেদৰেই মই খুব ভালদৰে পঢ়িব ললো ,আৰু hs final ত সুখ্যাতিৰে লেটাৰ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হলো ,

মই বহুত সুখী আছিলোঁ ,মোক আকৌ সকলোৱে মৰম কৰিব ধৰিছিল ,পলাশ দাদা নিচিনা হব লাগিব বুলি কোৱা শুনিছি লো ,

মই নিজেই সুখী আছিলোঁ যিহেতু result ভাল ঘৰত সকলোৰে ইমান দুখৰ মাজতো আনন্দ আছিল ,মই নন্দিতাক propose কৰিম বুলি থিৰাং কৰিলোঁ ,যিহেতু তাইক পাম বুলি মই কষ্ট কৰিছিলোঁ ,কিন্তু সেইটো মোৰ ভুল আছিল ,মোৰ লগত আন একো উপাইও নাছিল , পঢ়াত মনোযোগ দিয়াৰ ,,,গতিকে তাইক পাম বুলি পঢ়া বাবেই চাগে ,আজি ভাল result কৰিলোঁ 


মই থিৰাং কৰিলোঁ ,সম্বৰ্ধনা সভা দিনাখন তাইক কম ,তাই নিশ্চয় আহিব তাই ২nd devsn পাইছিল ,মই সম্বৰ্ধনা সভাৰ দিনা খন চুলি খিনি ভালকে আচুৰি ,এঙাৰ এটুকুৰা লৈ দাত খিনি মজি মুখ ধুই মেলি কলেজলৈ যাত্ৰা কৰিলোঁ ,

অলপ মাৰ ভাগৰ fair lovely খিনিও খনি ললো 

কিবা ভয় লাগিছিল ,তাইক কেনেকৈ কম তাই বিশ্বাস কৰিব জানো ,তাইৰ আন কোনোবা আছে নেকি ? বহু কেইটা প্ৰশ্ন ই মোৰ মাথা টো গৰম কৰি পেলাইছিল ,যদিও এক সাহস লৈ মই তাই ৰ বাট চাইছিলো ,এনেতে সম্বৰ্ধনা সভা আৰম্ভ হল , কওঁতে কওঁতে ১ ঘণ্টা পাৰ হৈ গল ,মই কপি আছিলোঁ ,যদি তাই নাহে কি হব ,তাই ৰ গাটো ভাল নাই নেকি ,মই অস্বস্থি অনুভৱ কৰিছিলোঁ ,যদিও অপেক্ষা কৰিছিলোঁ ,

কিন্তু কোনেনো মোক কলে হয় এই অপেক্ষাৰ অন্ত নাছিল ,কেৱল অপেক্ষা মাথোঁ অপেক্ষা

সময় ৩ বাজি পাৰ হৈ গৈছিল ,মোৰ মবাইল ফোন নাছিল ,আৰু মোৰ লগৰ বোৰৰো নাছিল , যদিও লগৰ বোৰক সুধিব বেয়া লাগিছিল , সিহঁতে হাহিব বুলি ,মইও সম্বৰ্ধনা সভা শেষ হোৱাৰ পাছত একে লেথাৰীয়ে নন্দিতাৰ ঘৰলৈ বুলি চাইকেল মাৰি পঠিয়ালো 

,তাইৰ ঘৰ কলেজৰ পৰা ৪ km নিলগত আছিল ,

নন্দিতাৰ ঘৰ পাই দেখো সিহঁতৰ ঘৰৰ আগত টেণ্টৰ বস্তু কিছুমান পৰি আছে , বালটিং দাইনিং টেবুল ,স্কিন কাপোৰ ,এখন টেম্পু এখনত মাল খিনি ভৰাই আছিল ,

মই চাইকেল খন ৰখাই চিধাই বাৰণ্ডা লৈ উঠি নন্দিতা নন্দিতা ,,বুলি মাত লগালোঁ ,যদিও ভিতৰত কুলহাল হৈ আছিল ,মোৰ মাত শুনা নাপালে ,

কিছু সময়ৰ পাছত এজনী মাইকী মানুহ ওলাই আহি কলে ভাইটি এই পাছফালে তোমালোকৰ চকী দুখন মান আছে লৈ যা বা । ,মইও মিচিকিয়াই হাঁহি কলো ,,খুৰি দও মই নন্দিতাৰ লগৰ হে টেন্তৰ মানুহ নহয় ,মই নন্দিতাক লগ কৰিব আহিছোঁ ,আজি তাই কলেজলৈ নগল কিবা গা বেয়া নেকি মাতি দিওক চো ন ,পলাশ আহিছে বুলি কব বুলি কব,


তুমি একো গমেই নোপোৱা নেকি ? (খুৰিদয়ে কলে)


মই চক খাই গলো ,

মই ভয় খাই গৈছিলো ,কিবা হৈছে নেকি কাৰোবাৰ ? 

ইয়ে

নন্দিতাৰ বিয়া হোৱা পাঁচ দিন মান হল নহয় !

কথাষাৰ শুনা ৰ লগে লগে মই বিশ্বাস কৰিব টান পাইছি লো ,আৰু তেতিয়াই নন্দিতাৰ দেউতাক ওলাই আহিল ,পলাশ কেনেকুৱা ভালে আছা নে ?

মোৰ মুখৰ পৰা এটা শব্দ পৰ্যন্ত ওলোৱা নাছিল ,উঠত কঁপনি উঠিছিল , মোৰ কিবা মাথা টো ঘুৰাইছিল ,,

যদিও মই ভালে আছে বৰ্তা আপোনাৰ ভাল বুলি সুধিলো ? 

তেওঁ আমন জিমণ কৈ এৰা বুলি কৈ সামৰণি মাৰিলে ,মই চিধাই চাইকেল খন লৈ ওচৰৰ দলং খনত বহি কি কৰো কি নকৰোঁ বুলি হাত মূৰে ধৰিলো ,মোৰ সপোন বোৰ শেষ হৈ গৈছিল কেই মূহুৰ্ত মানৰ বাবে ,পাগল হৈ গৈছিল , কিয় দিব লাগে বিয়া তাইক ,তাই কিয় মান্তি হব লাগে ? 

এইবোৰ প্ৰশ্ন ই মোক পাগল কৰিছিল ,ঘৰলৈ আহি গাৰো টোকে কামুৰি কামুৰি কন্দিছিলো ,মোৰ লগত ৰাস্তা নাছিল ,এতিয়া নোহোৱা টো কৰিব নোৱাৰোঁ যি হল হল বুলি ভাবি ,অলপ সান্তনা লব চেষ্টা কৰিছিলোঁ যদিও মই কষ্ট পাই ছিলো ,নিশ্চয় আপুনিও যদি কাৰোবাক ভাল পাই থাকোঁতে তাইৰ বিয়া কথা শুনি কেনেকুৱা 

লাগে সেইয়া হয়টো মই কোৱাৰ প্ৰয়োজন নাই এৰা তাই নাছিল মোৰ বাবে হয়টো মই উপযোগী নাছিলোঁ 


এনেদৰেই মোৰ প্ৰথম ভালপোৱা অসম্পূৰ্ণ হৈ ৰল ,মোৰ কথা খিনি মোৰ লগতে থাকি গল ,যদিও তাই ৰ বাবে জেদ কৰি পঢ়া বাবে মই আজি অলপ নিজকে ভাল জেগাত ৰাখিব পাৰি চো , তোমালৈ ধন্যবাদ থাকিল নন্দিতা ❤️


বাকী খিনি অহা খণ্ডত ..



পলাশ উপাধ্যায় 

গুৱাহাটী অসম 






Comments

Popular posts from this blog

খণ্ড ৫ মই নন্দিতাৰ boyfriend 🔥

খণ্ড -১ মেট্ৰিক পৰীক্ষা আৰু মই