The House of 1000 Mirrors

মেট্ৰিক পৰীক্ষা আৰু মই
২০১২ খণ্ড ১
এই বোৰ যে কি কি কৰি থাকে ,স্কুল যাবলৈ সময় হল কাৰো আম ঘূমেই নাই ,বুলি মায়ে কোৱা লগে লগে ,মইও থত মত খাই দমকলৰ ওচৰলৈ দৌৰ মাৰিলো ,,
দম কল টো বেয়া ,শুকাই যায় , আকৌ পানী এবালটি ঢালি দিয়াৰ পাছত হে ,পানী ওলাল ,
মইও হাত ভৰি খিনিত পানী অলপ দি নাকে মুখে গুজি স্কুললৈ বুলি বাট ললো ,
আমাৰ ৭ জনীয়া দল আছিল ,মই কমলা বা, বলিন, ৰাজীৱ, কৃষ্ণ, বিপুল, বিষ্ণু ইত্যাদি ইত্যাদি ,তেনেকৈ আমাৰ বন্ধুত্ব বহুত গহীন আছিল ,আমি ইজনে সিজনক সময় দিছিলোঁ বহুত ,তেনেদৰেই আমি স্কুল পালোঁ গৈ ,আৰু তাতকে ডাঙৰ কথা আমি ৭ জন লগত বহিছিলোঁ ,আমি গোটেই শ্ৰেণী সাং কৰি ঘৰলৈ উভতি লো ,ঘৰলৈ উভতাৰ পথত আমি সদাই গলি খাইছিলিও ,যিহেতু আমি বহুত হাল্ললা কৰি আহো ,
তেনেদৰেই ইতিমধ্যে সময়ৰ সোঁতত কৈওতে কওঁতে আজি ২০১২ চনৰ মেট্ৰিক পৰীক্ষাৰ দিন ,মোৰ ঘৰত bike নাছিল গতিকে ঘৰত কেৰিয়াৰ নথকা চাইকেল খনকে লৈ মেট্ৰিক পৰীক্ষা দিবলৈ যাত্ৰা কৰিলোঁ ,মোৰ লগত মোৰ বা কমলা আৰু লগৰ বোৰ আছিল ,কিবা যেন ভয় লাগি আছিল ,মেট্ৰিক পৰীক্ষা বুলি কওঁতে ভয় লগোটো স্বাভাৱিক ,যদিও মোৰ বেছি লাগিছিল ,মোৰ দেউতা মই পহি থকা বিদ্যালয়ৰ হিন্দী শিক্ষক আছিল ,এতিয়াও তেওঁ তাতে কৰ্মৰত ,,,
আৰু কিছু সময়ৰ পাছত পৰীক্ষা কোঠাত শিক্ষক হুমাই আহিল ,আমি সকলোৱে উঠি তেওঁক সন্মান জনালোঁ ,যদিও মোৰ ভয় বহুত লাগিছিল ,
তেনেদৰে কই থাকোতেই বেল পৰিল আৰু পৰীক্ষাৰ প্ৰশ্ন কাকত দিলে ,মই কৃষ্ণ বুলি কৈ পেপাৰ টো খুলি চালোঁ ,আৰু কিছু প্ৰশ্ন নজনা আছিল যদিও ৬০ শতাংশ মান জনা আছিল ,আৰু মোৰ ভয় ক্ৰমে কমি গৈছিল ,
তেনেদৰেই পৰীক্ষা দি থকাৰ পাছত বেল পৰিল আৰু মইও উত্তৰ কাকত জমা কৰি পৰীক্ষা গৃহৰ পৰা ওলাই আহিলো ,
আৰু ৰাস্তাৰ ওচৰৰ এখন ঘুমটিত চুজি লাৰো এটা আৰু ফিকা চাহ একাপ খাই ,দুটা মান মধু পেকেট লৈ চাইকেল লৈ গতি কৰিলোঁ ,
সময় ঠিক এটা বাজিছে , মই ঘৰ পাও পাও ,মোৰ মা আৰু দেউতা ৰাস্তা তে ৰৈ আছে ,কেনেকুৱা হল পৰীক্ষা কেনেকুৱা হল ,সকলোৰে মুখত এটাই প্ৰশ্ন ,মই কলো ভালেই হৈছে ,Grammer খিনি অলপ টান আছিল ,দেউতাই paper খন চাই হুমুনিয়া এটা কাহী কলে ঠিক আছে ,পৰহিলৈ কি আছে ভালদৰে পহিবি ,মইও ভাগৰি গৈছিলো ,৫ km চাইকেল চলাই আহি আকৌ গৰুলৈ গৈছিলো ,গৰুক পানী খুৱাই আহি ভাত গিটা খাই অংক কিতা বকেইখনত মেলা লগে লগে , মথাটো ঘূৰাই গৈছিল ,কেনেকৈ কৰিম একো এটা নোৱাৰোঁ উপপাদ্য খিনিও নাজানো ,বাকী খিনি একো নোৱাৰোঁ মই ,
তেনেদৰেই পৰীক্ষা দিয়াৰ পাছত ইতিমধ্যে মোৰ মেট্ৰিক পৰীক্ষা শেষ হৈছিল ,আৰু ফলাফল অহাৰ দিনটোৰ বাট চাব ধৰিলো,দেউতাই কলে মোক তই সেই ওচৰৰ কম্পিউটাৰ দোকানত কাম কৰিব পাৰা,তই শিকিব পাৰিবা আৰু লগতে দু পইচা পাবিও ,মইও ভাবিলো কথাটো সঁচা পইছাও পাম শিকিবলৈ ও হব ,মই মান্তি হোৱাত দেউতাই দাদাজনৰ লগত কথা পাতি দিলে আৰু পাছদিনা ৰ পৰা মই কাম কৰিব কৰিলোঁ ,
এনেকৈ মই কম্পিউটাৰ আধা মান শিকিলোঁ ,আৰু আজি result অহা দিন ,মই বহুত ভয় খাই চিলো কি হব যিহেতু ৰাতিপুৱাই মানুহৰ আগমন হৈছিল মষ্টৰৰ লৰা ভাল ফলাফল হব ,কিন্তু মই হে জানো অংক পৰীক্ষা কেনেকুৱা হৈছিল ,
দেউতা ৰাতিপুৱাই বজাৰলৈ ওলাই গৈছিল ,কিবা মিঠাই আনিব লাগিব ফলাফল দিব মই যেন কান্দি দিছলো ভিতৰত ,মই ভয় খাইছিলিও ,ভবা ধৰণে result নহলে কি হব ,মই মৰি যাম ,কওঁতে কওঁতে সময় ৯ ত বাজিল ,আৰু ফলাফল দিলে বুলি গম পালো ,কিন্তু মোৰ ফলাফল মই পোৱা নাই ,যিহেতু আমাৰ ঘৰত ইণ্টাৰনেট ব্যৱহাৰ কৰিব পৰা ফোন নাছিল ,সকলোৰে মুখত অমুক জেগাৰ ষ্টেণ্ড কৰিছে এইবোৰ শুনি যেন মই আৰু পাগল হৈ গৈছিলো ,আৰু ১০ টা বজাত মোৰ result আহিল ,মই প্ৰথম বিভাগ পাইছোঁ ,মই কন্দিম নে হাহিম কব পৰা নাছিলোঁ ,মোক বহুতে মৰম কৰিছিল ।।,মোৰ আৰ্থিক অৱস্থা শোচনীয় আছিল ,মোৰ দেউতা এখন ভেঞ্চাৰ বিদ্যাল়য়ত শিক্ষকতা কৰিছিল ,আৰু মা গৃহিণী আছিল ,তাৰ উপৰত আছিল ,ধাৰৰ বোজা ,মোৰ দেউতা শিক্ষকতা কৰা বিদ্যাল় য় খন স্থাপিত কৰাৰ পাছত প্ৰথম বাৰৰ বাবে মই প্ৰথম বিভাগত উততীৰ্ণ হৈছিলোঁ ,সকলে শিক্ষককে ধৰি গাওঁৰ মানুহ বোৰ মোৰ ঘৰত জুম বান্ধিছিল ,দেউতাৰ আৰু মাৰ মুখত মই ইমান কষ্টৰ মাজতো হাঁহি দেখা পাইছিল ,আৰু নিজকে সুখী অনুভৱ কৰিছিলোঁ ,
সকলো গাওঁৰ মানুহে মোক ১০০ টকা ৫০ টকা কৰি দি গৈছিল আৰু কৈছিল পলাশ দাদাৰ নিচিনা হব লাগিব দেই ,মই হাহিছিলো ,তেনেদৰেই ৰাতি হাঁহে কুমুৰাই এখাজ ভালকৈ ৰাইজক খুৱাই আকৌ কলেজীয়া জীৱন আৰম্ভ কৰিব লৈছিলোঁ ,
আৰু বাকী খিনি অহা খণ্ডত ,,,,,
(অনুগ্ৰহ কৰি পঢ়ি ভাল পালে জনাব এইখিনি মোৰ নিজৰ লিখনি )
পলাশ উপাধ্যায়
গুৱাহাটী অসম
Comments
Post a Comment