The House of 1000 Mirrors

ৰাতি বনাই থোৱা শুকান ৰুটি আৰু বেছিকৈ চেনী দি লাল চাহ একাপ হাতত লৈ একামুৰ মাৰি ব ধৰোতেই , কমল শইকীয়া (সঠিক নাম উল্লেখ কৰা নাই) আহি পালেহি আৰু কলে পলাশ , কি খবৰ ,মইও দাত গিটা নিকতাই কলো ভালে আছোঁ আপোনাৰ ভাল নে ,তেওঁ ভাল ভাল বুলি কৈ দৰ্জা ফালে চাই কলে ,দেউতা নাই নেকি ,?
মই কলো আছে আছে ,চাহ খাই আছে , ৰব মই মাতি দিছোঁ বুলি কৈ তেওঁক চকী খন আগবহাই দি ভিতৰলৈ গলো ,
কিছু সময় পাছত দেউতা আহিল আৰু তেওঁৰ লগত কথা পাতিব ধৰিলে সম্ভবত কিবা পইচা পাতি ৰ কথা আছিল চাগে ,মইও ইমান মনোযোগ নিদি লো ।
অলপ সময় পাছত পলাশ পলাশ বুলি মাতি থকা শুনি বাহিৰলৈ ওলাই আহিলো ,
আৰু কমল খুৰাই সুধিলে ,কত পঢ়িবি ,NL COLLEGGT লৈ ল ,SEAT পাব বিজ্ঞান বিভাগ লবি কলা শাখা লৈ কিনো কৰিব জীৱনত ,বুলি কলে
মইও দাত গিটা নিকতাই থিয় হৈ থাকিলো ,আৰু তেওঁ যাও বুলি বাট ললে ,
দেউতাই হুমুনিয়া এটা কাহী কলে ,কি কৰো মই , জিকা কচু বেচি ইমান টকা পোৱা নাযায় যে মোক টাউন ত থৈ পহুৱাব পৰাৰ ক্ষমতা আছে
মোৰ দুখ লাগিছিল মই প্ৰথম বিভাগ কিয় পালোঁ বুলি ,সকলোৰে মুখত বাহিৰৰ পৰা হাঁহি থাকিলেও ,ৰাতি দেউতা মা য়ে কথা পতা মই শুনিছি লো , পলাশে ভালদৰে পঢ়িলে হয় ,তাক ভাল কলেজত পহুৱাব পৰা হলে , তেওঁলো কে বহুত কষ্ট পাইছিল মোৰ বাবে ,মই যদি তৃত্বীয় বিভাগত পাছ কৰা হলে ,মই ওচৰৰে কলেজত পঢ়ি লো হয় ,কিন্তু মই প্ৰথম বিভাগ পোৱা টো এটা অভিশাপ আছিল যত মই কষ্ট নিদিওঁ বুলি ভাবিও মোৰ মা দেউতাক কষ্ট দিছিলোঁ ,আজি ও মনত পৰিলে কষ্ট পাও ,হয়তো আপুনি ও ভুক্ত ভুগি ইয়াৰ ,
আৰু তেনেদৰেই পইচা পাতি গোটাই মেলি মোক লখিমপুৰ ৰ সকলোতকৈ নামি কলেজ নৰ্থ লখিমপুৰ কলেজ ত admission দিয়াৰ কথা থিৰাং হল ,মইও বাহিৰে বাহিৰে সুখী আছিলোঁ যদিও ভিতৰি কষ্ট পাইছিল যিহেতু মই গম পাইছিলো ,দেউতাই সুদত পইচা আনি মোক পহুৱাব লৈছে বুলি ,কিন্তু মোৰ কপাল তাতকৈ বেয়া ,admission হোৱাৰ কিছু দিন আগত মোৰ ঘৰত আমাৰ সকলোৰে প্ৰিয় মোৰ আইতা ই নশ্বৰ দেহ ত্যাগ কৰে ,আৰু যেন সকলো বোৰ চূৰমাৰ হৈ গল ,কেৱল কান্দোন সকলো ফালে , আইতাই মোক সকলোতকৈ বেছি মৰম কৰিছিল আৰু মোক কুচে (নেপালী ভাষাৰ নাম) বুলি মাতিছিল ,বহুত ভাগি পৰি চিলো,মোৰ কলেজ ৰ নামভৰ্তি টো নহব যেন লাগিছিল ,আৰু ঠিক সেইয়া ই হল ,গোটেই ৰাতি কন্দিছি লো সেইদিনা,, মোৰ পঢ়া শুনা নহয় বুলি ,নিজক শাও দিছিলোঁ মই প্ৰথম বিভাগ কিয় পালো ?
মোক মৰিব মন গৈছিল ,মই আইতাক গালি কৰিছিলোঁ আপুনি কিয় এৰি গল আমাক বুলি ,
তেনেকৈ কৈ সময় পাৰ হব ধৰিল আৰু মোৰ admission নহল ,
মই কিছু দিন পাছত ওচৰৰে এখন কলেজ উত্তৰ পূৰ্বাঞ্চল কণিষ্ঠ মহাবিদ্যাল় ত নাম ভৰ্তি কৰিলোঁ ,সেই কলে জ খনো ভেঞ্চাৰ আছিল আৰু কেৱল কলা শাখা আছিল যদিও শিক্ষা গুৰু সকল বৰ অমাইক আছিল ,মোৰ দুখ লাগিছিল যদিও সুখী আছিলোঁ ,যিহেতু দেউতাই মোৰ বাবে সুদত পইচা আনিব নালাগে বুলি ,
আৰু কিছু দিনৰ পাছত মই প্ৰথম বিভাগ পোৱাৰ বাবে সম্বৰ্ধনা অনুষ্ঠানত মতা গৈছিল ,বহু জেগাত ,মই সুখী আছিলোঁ ,যদিও ভাল কাপোৰ নাছিল ,মই আৰু মোৰ খুৰাৰ লৰাই ৰেৱত ভাই চাইকেল মাৰি নাওবৈচা (মোৰ ঘৰৰ পৰা ২০ কি মি নিলগত আছিল ) গৈছিলো ,আমাৰ লগত এটকাও নাছিল ,আমি কাৰোবাৰ ঘৰত পানী বিচাৰি বিচাৰি খাই গৈছিলো ,আজিও মনত পৰে ,যদিও সেইখিনি দিন মোৰ সকলোতকৈ ভাল আছিল ❤️
তেনেদৰেই সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰা পাছত মই অলপ পইচা পাইছি লো আৰু সেই পইচা ৰে এখন হিৰো চাইকেল লৈছিলোঁ ,মই যেন বহুত পাগল হৈ গৈছিল ফুৰ্তিত মোৰ চাইকেল ,😍,যি কি নহওঁক মোৰ কলেজ আৰম্ভ হৈছিল যদিও প্ৰথম দিনা ৰেগিং ৰ সন্মুখীন হৈছিল ,কিন্তু মই বৰ সৰু আছিলোঁ ,গতিকে ইমান জুৰ দিয়া নাছিল ,তেনেদৰেই মোৰ কলেজীয়া জীৱন আৰম্ভ হল ,আৰু কাৰোবাক যেন ভাল লাগিব ধৰিছিল 🤗😀
(বাকী খিনি অহা খণ্ডত .....)
পলাশ উপাধ্যায়
গুৱাহাটী অসম
ভাল লাগিল। সুন্দৰ লিখনি, সুন্দৰ কাহিনী, সুন্দৰ উপস্থাপন।
ReplyDeleteধন্যবাদ থাকিল দাদা , আশা কৰোঁ আগলৈ ও এইদৰে উৎসাহ দি থাকিব
Delete